নতুন দিল্লীত অনুসূচিত জাতিক কৰা প্ৰতাৰনাৰ বিৰুদ্ধে তীব্র প্রতিবাদ


সমাৱেশত দেশৰ আগশাৰীৰ দলিত নেতা সকলৰ লগতে অনুসূচিত জাতি যুৱ ছাত্র পৰিষদ,অসমৰ কেন্দ্রীয় সভাপতি ৰুবুল দাসেও অংশগ্রহণ কৰি কলে-সমাজৰ পৰা অস্পৃশ্যতা আঁতৰিছে, কিন্তু বৈষম্য আৰু প্ৰবঞ্চনা চলি আছে–

–শ্ৰেণী বিভাজন আৰু ক্ৰিমী লেয়াৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শেহতীয়া ৰায়দান মানি নোলোৱাৰ হুংকাৰ–


দেশৰ চৰকাৰে দলিত ,শোষিত অনুসূচিত জাতিক কৰি বৈষম্য, প্ৰতাৰনা, বঞ্চনাৰ প্ৰতিবাদত আজি ৰাজধানী চহৰ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টডিয়ামত লাখ লাখ লোকৰ উপস্থিতিত মহা গন সমাৱেশ অনুষ্ঠিত হয়। প্ৰধানতঃ অনুসূচিত শ্ৰেণীৰ লোকক বছৰ বছৰ ধৰি সংবিধানৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰা, জাতিগত পিয়ল নকৰা, চৰকাৰী খণ্ডত সংৰক্ষণ নিয়ম মতে নিযুক্তি-পদোন্নতি নিদিয়া, ৰাজনৈতিক প্ৰতিনিধি বৃদ্ধি আদি বহু কেইটা গুৰুত্বপূৰ্ণ দাবীত অনুষ্ঠিত হোৱা সমাৱেশ খনত দেশৰ প্ৰধান প্ৰধান দলিত সংগঠন সমূহৰ নেতৃবৃন্দই অংশগ্রহণ কৰি কেন্দ্রীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে। ভীম সেনা, ভাৰতৰ মুখ্য নেতা তথা সাংসদ চন্দ্র শেখৰ ৰাৱন আজাদ , সংৰক্ষণ বাচাও সংঘৰ্ষ সমিতিৰ কেন্দ্রীয় নেতৃবৃন্দ, আম্বেদকাৰ চ’চাইতি আদিৰ নেতাসকলৰ লগতে অসমৰ অনুসূচিত জাতিৰ অন্যতম গুৰুত্বপূৰ্ণ নেতা তথা অনুসূচিত জাতি যুৱ ছাত্র পৰিষদ,অসমৰ কেন্দ্রীয় সভাপতি ৰুবুল দাসেও অংশগ্রহণ কৰি বৃহৎ প্ৰতিবাদী সমাৱেশ খনত দলিতসকলৰ ওপৰত হৈ থকা অন্যায়ৰ তীব্র সমালোচনা কৰে।
কাৰ্য্যসূচীৰ মাজতে ৰুবুল দাসে সংবাদ মাধ্যমৰ আগত কয় যে, অসমত অনুসূচিত জাতিৰ লোকক চৰকাৰে কৰি থকা প্ৰৱঞ্চনাৰ বাবে বিগত সময়ত ধাৰাবাহিক ভাৱে অনুসূচিত জাতি যুৱ ছাত্র পৰিষদ ,অসমে নিৰৱিছিন্ন আন্দোলন কৰি আহিছো যদিও আমাৰ জনগোষ্ঠীৰ সমস্যা সমাধান হোৱা নাই। আহি থকা সময়তো ছাত্র জলপানী নিয়মিতভাবে আদায় দিয়া, বেকলগ পূৰণ কৰা, নদ নদী-খাল বিল-জলাশয়-মীন পামত এশ শতাংশ সংৰক্ষণ কৰা, মৎস্যজীবী ও মহিলাৰ সৱলীকৰন, জাতিগত গণনা, অনুসূচিত জাতি ৰাজ্যিক আয়োগ গঠণ কৰা, মিছন ভূমিপুত্র বন্ধ কৰা আদি দাবীত অসমত তীব্র আন্দোলন কৰা হব। আমাক মানুহক সংবিধানে প্ৰদান কৰা প্ৰাপ্যবোৰতো সঠিক ভাৱে দিয়াতো নাই, বৰঞ্চ চৰকাৰে প্ৰতাৰনাহে কৰি আহিছে। শেহতীয়াকৈ দেশৰ উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতিৰ উপ শ্ৰেণী অনুযায়ী সংৰক্ষণ আৰু ক্ৰিমী লেয়াৰ সন্দৰ্ভত প্ৰদান কৰা ৰায়দানৰ ফলত সমগ্র দেশৰ দলিত সকলে সংৰক্ষণ ব্যৱস্থা বিলুপ্ত হোৱাৰ আশংকাত ভূগিছে।কিন্তু বিজেপি চৰকাৰে অনুসূচিত জাতিক আসস্ত কৰিব পৰা নাই। সামাজিক ন্যায় আৰু সৱলীকৰন বিভাগে কোনো পদক্ষেপ গ্রহণ কৰা নাই।গতিকে, সৰ্বভাৰতীয় পৰ্য্যায়ত আমি অনুসূচিত জাতিৰ প্ৰধান সংগঠন সমূহে লগ হৈ যৌথ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰাৰ বিকল্প নাই। আজি এইয়া আৰম্ভণিহে। আগন্তুক সময়ত সমগ্র দেশজুৰি সৱল আন্দোলনৰ কাৰ্য্যসূচী গঢ়ি তোলা হব। দেশৰ শক্তিশালী দলিত নেতৃবৃন্দৰ লগত আলোচনা কৰি ঐক্যবদ্ধভাবে কাম কাজ কৰি যোৱাৰ সংকল্প লৈছো।

ASSAMINDIA
Comments (0)
Add Comment