গহপুৰ পৌৰসভাৰ পদনে সদস্য হিচাপে শপতগ্ৰহণ কৰিলে সাংসদ ৰঞ্জিত দত্তই

এই উপলক্ষে পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এক শপতগ্ৰহণ অনুষ্ঠান000

পৌৰসভাখনৰ পদেন সদস্য হিচাপে শপতগ্ৰহণ কৰাৰ পাছতেই শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীক পৌৰসভাৰ ফালৰপৰা ফুলাম গামোছা, চেলেং, সঁফুৰাৰে সন্মান জনোৱা হয়।

অনুষ্ঠানত গহপুৰ পৌৰসভাৰ পৌৰপতি অতুল বৰাৰ সভাপতিত্বত মহকুমাধিপতি লুকুমনি বড়াই পদেন সদস্য হিচাপে সাংসদ ৰঞ্জিত দত্তক শপত পাঠ কৰোৱাই। অনুষ্ঠানত গহপুৰৰ বিধায়ক উৎপল বৰা, পৌৰসভাৰ কাৰ্যবাহী বিষয়া পূজা কুমাৰী আদি উপস্থিত থাকে।

ASSAMINDIA
Comments (0)
Add Comment