কলিয়াবৰত কামাখ্যা গাঁৱত দুটাকৈ বাঘৰ মুক্ত বিচৰণ

কলিয়াবৰৰ কামাখ্যা গাঁৱত আজি পুৱা দুটাকৈ বাঘৰ মুক্ত বিচৰণে আতংকিত কৰি তুলিছে গঞা ৰাইজক। গাঁও খনৰ গৃহস্থৰ গোহালিয়ে গোহালিয়ে দুটা কৈ বাঘে বিচৰণ কৰাৰ দৃশ্য গাওঁ বাসীয়ে উপভোগ কৰাৰ লগতে বন বিভাগৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে গাওঁ বাসীয়ে।

বিগত প্ৰায় এবছৰ ধৰি সোনাৰী -কামাখ্যা অঞ্চলত বিচৰণ কৰি থকা বাঘ দুটা পিঞ্জৰাবদ্ধ কৰিবলৈ যোৱা ১ চেপ্তেম্বৰ তাৰিখে বন বিভাগে পিঞ্জৰা স্থাপন কৰিছিল যদিও দুদিনৰ পাছতে পিঞ্জৰাটো বন বিভাগে আতৰাই নিয়ে। বন বিভাগে বাঘদুটা পিঞ্জৰাবদ্ধ হোৱালৈ অপেক্ষা নকৰি পতা পিঞ্জৰা আঁতৰাই নিয়াত ক্ষোভিত হৈ পৰিছে গঞা ৰাইজ।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বাঘ দুটাক বন শীঘ্ৰে পিঞ্জৰাবদ্ধ নকৰিলে ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে গাঁওবাসীয়ে।

ASSAMINDIA
Comments (0)
Add Comment