মেগজিন স্থিত বিষ্ণুৰাভা জাতীয় বিদ্যালয়ত, গুৰু পূজন অনুষ্ঠানেৰে শিক্ষক দিৱস

৫ ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষই শিক্ষক দিৱস হিচাপে উদযাপন কৰে । শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত মেগজিন স্থিত বিষ্ণুৰাভা জাতীয় বিদ্যালয়ত, গুৰু পূজন অনুষ্ঠানেৰে এটি গুৰু গম্ভীৰ পৰিৱেশত শিক্ষক দিৱস উদযাপন কৰা হয় ।
বিদ্যালয়ৰ শিক্ষা গুৰু সকলৰ লগতে বিশিষ্ট ব্যক্তি, সমাজকৰ্মী ,অধ্যাপক, সাংসদ ড৹ অৰুণ শৰ্মাক গুৰু পূজনৰ বাবে আমন্ত্ৰণ কৰা হয় । তেখেতক এই বৰ্ষৰ গুৰুৰ সন্মান জনোৱা হয়। ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণনদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জলেনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ পিছতে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিচালিত সভাত বহু সাৰুৱা ভাষণ প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী,তথা শিক্ষক শিক্ষয়িত্ৰী সকলৰ নৃত্য গীতেৰে এটি সুন্দৰ অনুষ্ঠানো অনুষ্ঠিত হয় ।

INDIA
Comments (0)
Add Comment