দেশৰ GDP ৰ বৃদ্ধিৰ হাৰ হ্ৰাস পালে ৬.৭ শতাংশলৈ

চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ দেশৰ জি ডি পিৰ হাৰ হৈছে ৬.৭ শতাংশযোৱা পাঁচটা ত্ৰৈমাসিকৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ জি ডি পিৰ হাৰ এইদৰে হ্ৰাস পাইছে। মন কৰিবলগীয়া যে, যোৱা বিত্তীয় বৰ্ষত প্ৰথম ত্ৰৈমাসিকত জি ডি পিৰ হাৰ আছিল ৮.২ শতাংশ।

জি ডি পিৰ এনে বৰ্ধিত হাৰক লৈ উৎসাহিত হৈ পৰিছিল কেন্দ্ৰীয় চৰকাৰ। তাৰোপৰি যোৱা ডিচেম্বৰত এই বৃদ্ধিৰ হাৰৰ পূৰ্বানুমান ৮.৩ শতাংশ প্ৰকাশ পাইছিল। জি ডি পিৰ এনে উৎসাহজনক বৃদ্ধিৰ পূৰ্বানুমানৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল জি ডি পিৰ এই বৃদ্ধিয়ে ভাৰতৰ অৰ্থনৈতিক শক্তি আৰু ক্ষমতাৰ নিদৰ্শন দাঙি ধৰিছে।

কিন্তু জি ডি পিৰ এনে উৎসাহজনক বৃদ্ধিৰ হাৰ বৰ বেছি দিনলৈ বৰ্তি নাথাকিল। শনিবাৰে প্ৰকাশ পোৱা এপ্ৰিল, মে’ আৰু জুনৰ বৃদ্ধিৰ হাৰ ৬.৭ শতাংশ।

ASSAMINDIA
Comments (0)
Add Comment