চাপৰ চাহ বাগিচাত জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাচনি পৰীক্ষা সন্দৰ্ভত এখন সজাগতা সভা

বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাখনত মহকুমা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে পানবাৰীস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ উপস্থিত থাকে।

অৰ্থ-সামাজিক দিশত দুৰ্বল পৰিয়ালৰ (বিশেষকৈ গ্ৰামাঞ্চলৰ) তীক্ষ্ণ মেধাসম্পন্ন শিশুসকলক বাচনি কৰি আনি এক বিশ্বমানৰ পৰিৱেশত ৰাখি তেওঁলোকক উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰা। সজাগতা সভাৰ জৰিয়তে বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে ধুবুৰী, মানকাচৰ আৰু দক্ষিণ শালমাৰা জিলাৰ স্থায়ী বাসিন্দা তথা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইতিমধ্যে নৱোদয় বিদ্যালয়ে অনলাইনযোগে প্ৰপত্ৰ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ASSAMINDIA
Comments (0)
Add Comment