চাপৰত একে নিশাই দুটাকৈ মন্দিৰত চুৰিকাণ্ড

চাপৰত চোৰৰ উপদ্ৰৱ! বাইক চোৰৰ পিছত এইবাৰ চোৰৰ তাণ্ডৱ চলিল ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড । চাপৰৰ ৰৌমাৰী গাঁৱত নিশা শিৱমন্দিৰত চুৰিকাণ্ড। ঐতিহাসিক শিৱ মন্দিৰটোৰ দুটাকৈ দান ভাণ্ডাৰৰ তলা ভাঙি দানপাত্ৰৰ পৰা জমাধন চুৰি কৰাৰ উপৰিও মন্দিৰৰ বিভিন্ন সামগ্ৰী চোৰে চুৰি কৰি লৈ যায়।

চাপৰ আৰক্ষী থানাৰ নিচেই কাষত এনে ঘটনা সংঘটিত হোৱাত হতচকিত হৈ পৰিছে সাধাৰণ ৰাইজ।
ইপিনে শিৱ মন্দিৰটোত চুৰিকাণ্ড সংঘটিত হোৱাত আবেগিক হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজ। বাবা মহাদেৱক ধূপধুনা দি বন্তি প্ৰজ্বলন কৰি এক সপ্তাহৰ ভিতৰত চোৰৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়।

ASSAMchapordhuburiINDIAtempleTHIF
Comments (0)
Add Comment