পিতৃহাৰা হ’ল জনপ্ৰিয় কণ্ঠশিল্পী ৰূপা মিলি

অৱশেষত উদ্ধাৰ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী ৰূপা মিলিৰ পিতৃৰ মৃতদেহ। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ২নং বালিখুঁটিত দিৰৈ নদীৰ পাৰত উদ্ধাৰ হয় ৰূপা মিলিৰ পিতৃ মণিৰাম মিলিৰ মৃতদেহ। ১২ আগষ্টৰ পৰা সন্ধানহীন হৈ আছিল ৰূপা মিলিৰ পিতৃ মণিৰাম মিলি।

১০ আগষ্টত মৰাণৰ মিলিজুলি পথৰ নিবাসী দিজেন লাচনৰ ঘৰলৈ বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈছিল ৰূপা মিলিৰ পিতৃ মণিৰাম মিলি। ১২ আগষ্টৰ পুৱা দিজেন লাচনৰ ঘৰৰ পৰা প্ৰাতঃ ভ্ৰমণলৈ ওলাই গৈছিল মণিৰাম মিলি। কিন্তু তেতিয়াৰে পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল ৰূপা মিলিৰ পিতৃ মণিৰাম মিলি।

ASSAMINDIA
Comments (0)
Add Comment