শৃংখল চলিহাৰ বিৰুদ্ধে গুৱাহাটীত দ্বিতীয়খন এজাহাৰ দাখিল

ভৰলু থানাত এজাহাৰ দাখিল বীৰ লাচিত সেনা নেতাৰ শৃংখল চলিহাৰ বিৰুদ্ধে। দিছপুৰ থানাৰ পিছত ভৰলু আৰক্ষী থানাত শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। এইবাৰ শৃংখল চলিহাৰ বিৰুদ্ধে সৰ্ব হিন্দুস্তানী যুৱ পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি শংকৰ সিঙে দাখিল কৰিছে এজাহাৰ। ১৮ আগষ্টত গৌৰৱ ছুমানি নামৰ এজন ব্যক্তিয়ে দাখিল কৰিছিল এজাহাৰ। মাৰোৱাৰী, ভোজপুৰী, বেংগলী সম্প্ৰদায়ক লৈ দৃষ্টিকটু আৰু ভাবুকিপূৰ্ণ মন্তব্য কৰাৰ অভিযোগ শৃংখল চলিহাৰ বিৰুদ্ধে। গৌৰৱ ছুমানিয়ে এজাহাৰ দাখিল কৰাৰ পিছত শৃংখল চলিহাই প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। খিলঞ্জীয়াৰ হকে বিপ্লৱ কৰি জে’ললৈ যাবলৈ সাজু বুলি কৈছিল শৃংখল চলিহাই। এজন অনা অসমীয়াই দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে বুলি মন্তব্য কৰিছিল শৃংখল চলিহাই।

ASSAMINDIAsivasagor
Comments (0)
Add Comment