পুনৰ বাংলাদেশলৈ ঘূৰি যাব প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা!

পুনৰ বাংলাদেশলৈ ঘূৰি যাবলৈ সাজু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা!দেশখনৰ ৰাজনৈতিক অস্থিৰতা অব্যাহত থকাৰ মাজতে এই মন্তব্য শ্বেখ হাছিনাৰ পুত্ৰ সজীব ৱাজেদৰ। শান্তিৰ নোবেল জয়ী ড° মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠনৰ পাছতেই হাছিনা-পুত্ৰৰ এই মন্তব্যই বহন কৰিছে বিশেষ তাৎপৰ্য। যেতিয়াই দেশখনৰ নতুন অন্তৰ্ৱৰ্তীকালীন চৰকাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’ব, তেতিয়াই প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিজৰ দেশলৈ উভতি যাব বুলি মন্তব্য কৰিছে শ্বেখ হাছিনাৰ পুত্ৰই। প্ৰায় দুমাহজোৰা প্ৰৱল প্ৰতিবাদৰ ফলত হাছিনাই সোমবাৰে ভাৰতলৈ পলাই আহে। তাৰ পাছত দেশখনত গঠন হয় অন্তৰ্ৱৰ্তীকালীন চৰকাৰ। 

BangladeshINDIA
Comments (0)
Add Comment