কলিয়াবৰত অব্যাহত আছে ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস।

বাঘৰ বিচৰণক লৈ আতংকিত হৈ পৰিছে স্থানীয় লোকসকল । সোণাৰী-কামাখ্যা গাঁৱত নিশা এটা ঢেকীয়াপতীয়া বাঘৰ বিচৰণ। শিলঘাট-জখলাবন্ধা সংযোগী পথ অতিক্ৰম কৰি বাঘটোৱে প্ৰৱেশ কৰে গাঁওখনত। নিশা গোহালিৰ গৰু চিকাৰৰ বাবে বাঘটো আহিছিল বুলি উল্লেখ কৰে স্থানীয় লোকে।

স্থানীয় ৰাইজে হুলস্থূল কৰাত বাঘটো হাবিত প্ৰৱেশ কৰে। নিশাই ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক।

ASSAM POLICEINDIAKOLIABOR
Comments (0)
Add Comment