প্ৰতিবাদৰ বাবে আৰক্ষীয়ে চোঁচৰাই নিয়া বিনেশ ফোগাট আজি বিশ্বজয়ৰ দিশে

 আজি বিনেশ ফোগাটে মহিলাৰ মল্লযুঁজত ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰাই নহয় সোণৰ পদকৰো দাবীদাৰ হৈ পৰিল। তাৰোপৰি অন্ততঃ তেওঁৰ ৰূপৰ পদক নিশ্চিত হ’ল।

এনে পৰিস্থিতিত এতিয়া সামাজিক মাধ্যমত বিনেশ ফোগাটক লৈ চৰ্চা বৃদ্ধি পাইছে। বহুতেই প্ৰশ্ন কৰিছে বিনেশ ফোগাট পেৰিছৰ পৰা পদক লৈ দিল্লীলৈ উভতি অহাৰ পিছত দিল্লী আৰক্ষীয়ে তেওঁক কিদৰে আদৰণি জনাব?

কিয়নো দিল্লীৰ যন্তৰ মন্তৰৰ পৰা কিছু দিন পূৰ্বে ন্যায়াৰ আশাত প্ৰতিবাদ কৰাৰ বাবেই বিনেশক চোচৰাই লৈ গৈ গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে। সৰ্ব ভাৰতীয় মল্লযুঁজ সন্থাৰ  প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত সন্মুখত আছিল বিনেশ। সেই বিনেশেই পেৰিছ অলিম্পিকত ভাৰতৰ মল্লযুঁজ দলটোৰ অন্যতম শক্তি।

INDIApraise
Comments (0)
Add Comment