বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ মঙলবাৰে পুৱা কেন্দ্ৰই আহ্বান কৰে সৰ্বদলীয় বৈঠক

বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰত চৰকাৰ, শ্বেখ হাছিনাক লৈ কি সিদ্ধান্ত লোৱা হ’ল কেন্দ্ৰৰ সৰ্বদলীয় বৈঠকত?বাংলাদেশৰ পৰা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পলায়ন কৰি আশ্ৰয় লৈছেহি ভাৰতত। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ সচেষ্ট হৈ পৰিছে ভাৰত চৰকাৰো। মঙলবাৰে পুৱা কেন্দ্ৰই আহ্বান কৰে সৰ্বদলীয় বৈঠক।ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে কয় যে বাংলাদেশৰ পৰিস্থিতি ইমান উদ্বেগজনক নহয় যে হিংসাপীড়িত দেশখনত থকা ১২,০০০-১৩,০০০ ভাৰতীয়ক স্থানান্তৰ কৰাৰ প্ৰয়োজন আছে।

Comments (0)
Add Comment