এজাক বৰষুণতে বুৰ গ’ল সাতগাও আৰক্ষী থানা

সোমবাৰে বিয়লিৰ ভাগত অহা বৰষুণে বুৰাই পেলালে সাতগাওঁ থানা চৌহদ। আনকি থানালৈ অহা ঘাই পথটো একাঠু পৰ্যন্ত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। ফলত থানা খনৰ স্বাভাৱিক কাম কাজ স্থবিৰ হৈ পৰে।থানাৰ আৰক্ষীৰ লোক সকলে লং পেণ্ট আঠুলৈ কোঁচাই জোতা হাতত তুলি কৰ্তব্য সমাধা কৰিব লগা হৈছে। আনকি আৰক্ষীৰ বেৰেকত আৰু বাথৰুমৰ চৌহদত একাঠু পানী জমা হৈ ৰোৱাত আৰক্ষী জোৱান সকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হব লগা হৈছে।
উল্লেখ্য যে, প্ৰতিবছৰে সাতগাওঁ আৰক্ষী থানত এজাক বৰষুণৰ পিছতে ভয়াবহ কৃত্ৰিম বানৰ সৃষ্টি হয়। কিন্তু আজোককপতি থানাখন স্থানান্তৰৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী শীৰ্ষ মহলে।

ASSAMINDIA
Comments (0)
Add Comment