ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগৰ ভয়াবহ ৰূপ

বর্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৯০গৰাকীকৈ জাপানীজ এনচেফেলাইটিছ ৰোগত আক্রান্ত ৰোগীক ভর্তি কৰোৱা হৈছে। তাৰ ভিতৰত ২২ জনৰ ইতিমধ্যে মৃত্যু

চিকিৎসা মহাবিদ্যালয়খনত এতিয়াও ৪০গৰাকীকৈ এনে ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে শেহতীয়াকৈ ২৩গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি যোৱা বুলি জানিব পৰা গৈছে।

দৰঙত সম্প্রতি ১১ জনকৈ লোক জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। জিলাখনৰ খাৰুপেটিয়াত ৬ গৰাকী আৰু পাথৰিঘাট এলেকাত ৫ গৰাকী লোক এই ৰোগত আক্রান্ত হৈছে। এইসকল আক্রান্তৰ ভিতৰত এজন বর্তমানে চিকিৎসাহীন হৈ থকাৰ বিপৰীতে বাকী ১০ জন সুস্থ হৈ উঠিছে।

উল্লেখযোগ্য যে বুধবাৰে ক্ষেত্রীতো এই ৰোগত আক্রান্ত হৈ এজন লোকৰ মৃত্যু ঘটিছে। উল্লেখযোগ্য যে, সোণাপুৰ মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ডিমৰীয়াত এই পর্যন্ত ৫ জন লোক এই ৰোগত আক্রান্ত হৈছে।

ইপিনে, মেলেৰীয়া আৰু ডেংগী ৰোগৰ দ্রুত সংক্রমনেও ৰাজ্যজুৰি জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিছে। চিৰাং জিলাত মেলেৰীয়াত আক্রান্ত ৰোগীৰ সংখ্যা ৮৭ লৈ বৃদ্ধি পাইছে। আনহাতে ৩ জন লোক জাপানীজ এনচেফেলাইটিছত আৰু আন ৩ জন ডেংগীত আক্রান্ত হৈছে। জিলাখনৰ ভূটান সীমান্তৰ শান্তিপুৰ, কনীখাটা আৰু গৰুভাষা অঞ্চলত মেলেৰীয়া আক্রান্তৰ সংখ্যা অধিক হোৱা বুলি জানিব পৰা গৈছে।

ASSAMHEALTHINDIA
Comments (0)
Add Comment