চন্দ্ৰপুৰত বাহনসহ দুজন ৰদ (লো) চোৰক গ্ৰেপ্তাৰ ।

প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৃত চোৰ দুজনক ।

ধৃত চোৰ দুজন মায়ঙৰ বিতুমণি লহকৰ (২৪)আৰু দেৱজিৎ শইকীয়া(২৪) ।

জানিব পৰা মতে AS01PC 8129 নম্বৰৰ ডি আই ভানখনত গুৱাহাটীৰ পাথৰকুৱেৰীৰ পৰা বৃহৎ পৰিমাণৰ চুৰি ৰদ বজাই দি মায়ং অভিমুখে আহি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ।

এই খবৰৰ ভিত্তিতে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে অভিযান চলায় চন্দ্ৰপুৰত বাহনখনৰ লগতে চোৰ দুই জনক গ্ৰেপ্তাৰ কৰে , অবেশ্য মূল অভিযুক্ত এতিয়াও পলাতক হৈ আছে ।

আৰক্ষী সূত্ৰে জনোৱা মতে এটা চক্ৰই গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা নিশাৰ ভাগত ৰদ চুৰি কৰি ৰাস্তা ঘাটে পেলায় ৰাখে আৰু পুতি নিশা বাহনত বোজাই দি বিভিন্ন প্ৰান্তত বিক্ৰী কৰে । চুৰি চক্ৰটোয়ে ৰদ লোডিং কৰা বাহন খনৰ আগে আগে যায় আৰু পিছে পিছে ৰদ ভৰ্তি বাহন খন আহে ।

আৰক্ষীয়ে চুৰি সামগ্ৰী সহ বাহনখন জব্দ কৰাৰ লগে লগে মূল অভিযুক্ত কেইজন পলায় যায় ।

ASSAMINDIA
Comments (0)
Add Comment