মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা স্বাক্ষৰিত গামোচা অৰ্পণ লাভলীনা বৰগোহাঁক

বুধবাৰে অসম বক্সিং সন্থাৰ সম্পাদক তথা ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতাই সেই বিশেষ গামোছাখন লাভলীনাক অৰ্পণ কৰে। প্ৰথম ৰাউণ্ডৰ মেচত জয়লাভ কৰাৰ পাছতে ভাৰতীয় বক্সিং ফেডাৰেছনৰ সভাপতি অজয় সিংসহ কলিতাই লাভলিনাক মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই স্বাক্ষৰ কৰা গামোছাখন হাতত তুলি দিয়ে।

চলিত পেৰিছ অলিম্পিকত বুধবাৰে মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি প্ৰত্যাশিত আৰম্ভণি কৰে অসমকন্যা লাভলীনা বৰগোহাঁয়ে। অসমৰ প্ৰথম ক্ৰীড়াবিদ হিচাপে দেশৰ শ্ৰেষ্ঠতম ক্ৰীড়া সন্মান ‘খেলৰত্ন’ৰে সন্মানিত হোৱা লাভলীনাই বিগত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি গ্ৰেটেষ্ট শ্ব’ অ’ন দ্য আৰ্থৰ পডিয়ামত থিয় হোৱা প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰিছিল। এইবাৰো লাভলীনাৰ পৰা অসমবাসীৰ লগতে সমগ্ৰ দেশ তথা প্ৰবাসী ভাৰতীয়ই পদক আশা কৰিছে।

ASSAMGULAGHATINDIALAVLINA BORGHOIN
Comments (0)
Add Comment