মঙলদৈ আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী

মঙলদৈ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে নিশা ২ বজাত ইনটাজ আলি নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰিছে। মঙলদৈ চহৰৰ ২ নং ৱাৰ্ডৰ পৰা আটক কৰিছে সৰবৰাহকাৰীটোক।

অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি ইনটাজে ড্ৰাগছৰ অবৈধ সৰবৰাহ চলাই আহিছিল। আৰক্ষীয়ে ইনটাজৰ পৰা ড্ৰাগছ ভৰ্তি ২৫ টা কণ্টেইনাৰ, এটা মোবাইল আৰু এখন মটৰ চাইকেল জব্দ কৰিছে।

জব্দকৃত মটৰচাইকেলখনৰ নম্বৰ এ এছ ১৩ কিউ ৩৬২৮। আজি আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোক মঙলদৈ আদালতত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে।

ASSAMINDIA
Comments (0)
Add Comment