প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অংশুমান গাইকোৱাড় মৃত্যু

বুধবাৰে নিশা প্ৰবীণ ক্ৰিকেটাৰগৰাকীয়ে ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে তেওঁক চিকিৎসাৰ বাবে লণ্ডনলৈ নিয়া হৈছিল।

কিন্তু স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ বাবে তেওঁক এমাহ পূৰ্বে পুনৰ স্বদেশলৈ ঘূৰাই আনিছিল। তেতিয়াৰ পৰাই তেওঁৰ গৃহ চহৰ বৰোদাতে চিকিৎসা কৰি থকা হৈছিল। কিন্তু চিকিৎসকৰ সকলো প্ৰচেষ্টা বিফল হোৱাৰ পিছত বুধবাৰে নিশা তেওঁৰ মৃত্যু ঘটে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে গায়কোৱাড়ে ২২ বছৰীয়া কেৰিয়াৰত দেশৰ হৈ ৪০ খন টেষ্ট খেলিছিল। ১৯৭৪ চনত কলকাতাৰ ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক ঘটা অংশুমানে ৪০খন টেষ্টত ৩০.০৭ গড়ে ১৯৮৫ ৰান সংগ্ৰহ কৰিছিল।

তেওঁৰ নামত আছে দুটা শতক আৰু ১০ টা অৰ্ধশতক। সৰ্বাধিক ৰান হৈছে ২০১। ইয়াৰোপৰি ১৫খন এদিনীয়া মেচ খেলিছিল অংশুমানে। ২০.৬৯ গড়ে ২৬৯ ৰাণ সংগ্ৰহ কৰিছিল এদিনীয়া সংস্কৰণত।

এইগৰাকী প্ৰবীণ ক্ৰিকেটাৰৰ বিয়োগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বি চি চি আই, ৰাহুল দ্ৰাবিড়, কপিল দেৱ তথা আন আন বহুসংখ্যক লোকে শোক প্ৰকাশ কৰিছে।

ASSAMINDIA
Comments (0)
Add Comment