কলিয়াবৰ ত অনুষ্ঠিত গ্ৰীষ্মকালীন শিক্ষক প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি

কলিয়াবৰ শিক্ষা বিকাশ ফাউণ্ডেচনৰ উদ্যোগত গৰৈমাৰী শিক্ষা বিকাশ জাতীয় বিদ্যালয়ত চাৰিদিনীয়া ভাবে অনুষ্ঠিত হয় গ্ৰীষ্মকালীন শিক্ষক প্ৰশিক্ষণ শিবিৰ। নগাঁও নৰ্মাল স্কুল আৰু ডি.আই.ই.টি ৰ সহযোগিতাত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা শিক্ষক সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। চাৰিদিনিয়া প্ৰশিক্ষণৰ সফল সামৰণিৰ অন্তত প্ৰতিজন শিক্ষকক একোখনকৈ মানপত্ৰ প্ৰদান কৰে উদ্যোক্তা সকলে। আজিৰ এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে নগাঁও নৰ্মাল স্কুলৰ বিশিষ্ট শিক্ষক তথা প্ৰশিক্ষক শ্ৰী মৃদুপৱন বৰা, চামগুৰি ডি.আই.ই.টি ৰ প্ৰবক্তা শ্ৰী প্ৰশান্ত শৰ্মা ডাঙৰীয়া, নগাঁও বি.এড কলেজৰ প্ৰবক্তা শ্ৰী যুতা অৰুণীমা হাজৰিকা ৰ লগতে শিক্ষা বিকাশ জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী তথা বিদ্যালয়ৰ কৰ্মকৰ্তা সকল।

ASSAMINDIAKOLIABOR
Comments (0)
Add Comment