আজিয়ো সন্ধান নাই ৰমেন বৰুৱা?

মোবাইল ট্ৰেক কৰি ব্ৰহ্মপুত্ৰৰ পাৰতেই অন্তিম লোকেচন ধৰা পেলাইছিল। সেয়ে নদীৰ পাৰত তেওঁৰ সন্ধান চলাই আৰক্ষীয়ে এযোৰ চেণ্ডেলৰ চিনো বিচাৰি পাইছে।

ইয়াৰ পাছৰে পৰা এছ ডি আৰ এফে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ৰমেন বৰুৱাৰ সন্ধান বিচাৰি অভিযান আৰম্ভ অব্যাহত ৰখাৰ সমান্তৰালকৈ নদীৰ বুকুতো ডুবাৰু বাহিনীয়ে তেওঁৰ সন্ধানত অভিযান চলাই আছে। মঙ্গলবাৰে নিশা গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বৰুৱাৰ বাসগৃহত উপস্থিত হৈ ভাতৃ তথা শিল্পী দ্বীপেন বৰুৱাৰ সৈতেও কথা বতৰা পাতিছে।

মঙ্গলবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত চলোৱা অভিযানত স্নিফাৰ ডগ গৈ ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থান কৰাত আজি পুৱাৰে পৰা সেই স্থানতে এছ ডি আৰ এফৰ ডুবাৰু বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

ASSAMINDIA
Comments (0)
Add Comment