গুৰুতৰভাৱে অসুস্থ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন

হাইদৰ হুছেইনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত বিগত ৫ দিন ৰখাৰ পিছত আজি সোমবাৰে কেবিনলৈ অনা হয়। এতিয়া হাইদৰ হুছেইন বিপদমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে।

গুৰুতৰভাৱে অসুস্থ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে হাইদৰ হুছেইন। হাইদৰ হুছেইনৰ পুত্ৰ বনজিৎ হুছেইনে জনোৱা মতে, যোৱা ১৭ জুলাই নিজ বাসগৃহৰ বাথৰূমত পৰি আঘাতপ্ৰাপ্ত হৈ অসুস্থ হৈ পৰিছিল হাইদৰ হুছেইন। তাৰপিছত ১৭ জুলাইৰ নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভৰ্তি কৰা হৈছিল হুছেইনক।

মধুমেহ ৰোগতো আক্ৰান্ত হাইদৰ হুছেইন।

ASSAMINDIA
Comments (0)
Add Comment