২০ দিনে সন্ধান নাই কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ প্ৰহ্লাদ মণ্ডলৰ।

দুৱাৰ মুখত প্ৰহ্লাদ মণ্ডলৰ ফটো চাই চকুলো টুকিছে পত্নীয়ে।

দেউতাকলৈ মনত পৰি জীয়ৰীয়েও টুকিছে চকুলো।

২ জুলাই ৰ দিনা পথাৰলৈ যাওঁ বুলি ওলাই গৈছিল প্ৰহ্লাদ মণ্ডল।

প্ৰহ্লাদ মণ্ডল ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে বহু বিচাৰ-খোছাৰ কৰিছিল যদিও নাপালে কোনো সন্ধান।

উপায়ন্তৰ হৈ স্থানীয় কলিয়াবৰ আৰক্ষী নিৱেশত দিয়ে এজাহাৰ।

এজাহাৰৰ ভিত্তিত আৰক্ষী প্ৰহ্লাদ মণ্ডলক বিচাৰি চলাইছিল অভিযান। কিন্তু নোলাল কোনো সন্ধান।

প্ৰহ্লাদ মণ্ডলে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি আছিল।

প্ৰহ্লাদ মণ্ডল সন্ধান হীন হোৱাৰ পাছৰে পৰা পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰিয়ালটোৰ।

কোনো লোকে যদি প্ৰহ্লাদ মণ্ডলক দেখা পায় ৮৮২২১৯৯৮৬৫ অথবা ৯৩৬৫১৯৯৮৯৪ নম্বৰত যোগাযোগ কৰি জনাবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

ASSAMINDIA
Comments (0)
Add Comment