সন্ধানহীন বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ

এতিয়াও কোনো সন্ধান পোৱা নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ। সোমবাৰে নিশা ২ বজালৈকে সংগীত পৰিচালক ৰমেন বৰুৱাক বিচাৰি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গেও নিজা প্ৰচেষ্টাত অভিযান চলায়। মহানগৰীৰ কেইবাটাও স্থানত অভিযান চলায় শিল্পী জুবিন গাৰ্গে। মহানগৰীৰ লাচিত ঘাট, কামাখ্যা মন্দিৰ, শুক্লেশ্বৰ, ভূতনাথ, উজান বজাৰত ৰমেন বৰুৱাক বিচাৰি অভিযান জুবিনৰ। লতাশিল থানাত উপস্থিত হৈ শেহতীয়া পৰিস্থিতিৰ বুজ লয় জুবিন গাৰ্গে। তাৰপাছত লতাশিল আৰক্ষীৰ সহযোগত ৰমেন বৰুৱাৰ লাষ্ট ম’বাইল লোকেশ্বন লাভ কৰা গৌহাটী উচ্চ ন্যায়ালয়ৰ পিছফালে ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হয় জুবিন গাৰ্গ। কিন্তু বৰ্তমানেও সন্ধানহীন ৰমেন বৰুৱা।

মঙলবাৰে পুৱাৰ পৰাই ব্ৰহ্মপুত্ৰৰ বুকুত SDRF আৰু NDRF বাহিনীয়ে ৰমেন বৰুৱাক বিচাৰি অব্যাহত ৰাখিছে অভিযান। আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে পুৱা ১০ বজাত ৰমেন বৰুৱাই গৌহাটী উচ্চ ন্যায়ালয়ৰ ফালে খোজ কাঢ়ি যোৱাৰ চিচিটিভি

ASSAMINDIA
Comments (0)
Add Comment