আজিৰে পৰা আৰম্ভ সংসদৰ বাজেট অধিৱেশন

মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হ’ব। মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব পূৰ্ণাংগ বাজেট। এইবাৰৰ বাজেট অধিৱেশনত ৬খন গুৰুত্বপূৰ্ণ বিধেয়ক দাখিলৰ সম্ভাৱনা আছে। অহা ১২ আগষ্টলৈকে চলিব বাজেট অধিৱেশন। মুঠ ১৯টা কৰ্ম দিনৰে হ’ব বাজেট অধিৱেশন।

বাজেট অধিবেশনৰ পূৰ্বে দিনৰ ১ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব অৰ্থনৈতিক জৰীপ। তাৰ পাছতে ভাৰতৰ অৰ্থনীতিৰ শেহতীয়া অৱস্থাক লৈ মুখ্য অৰ্থনৈতিক উপদেষ্টা ড০ ভি অনন্ত নাগেশ্বৰনে  বিতং তথ্য দাঙি ধৰিব সংবাদমেলত। আশা কৰা হৈছে এইবাৰৰ বাজেটত মধ্যবিত্ত সকলৰ বাবে কেইবাটাও নতুন ঘোষণা কৰাৰ সম্ভাৱনা আছে। দেশৰ মধ্যবিত্ত লোকসকলক আয়কৰৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে। আন্তঃগাঁঠনি, বিত্তীয় একত্ৰিকৰণ আদি কেইবাটাও অৰ্থনৈতিক সংস্কাৰৰ সম্ভাৱনা আছে।

ASSAMINDIA
Comments (0)
Add Comment