কোম্পানীটোৱে বিভিন্ন মেৰামতি কামৰ ২,২১৬ টা পদৰ বাবে বিজ্ঞাপন দিছিল।
ইয়াৰে ৬০০টা পদৰ বাবে বুধবাৰে ৱাক ইন ইণ্টাৰভিউৰ ব্যৱস্থা কৰা হৈছিল। কালি নিযুক্তিৰ বাবে চেষ্টা চলোৱা ২৫ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে কোম্পানীটোৰ কাৰ্যালয়ৰ বাহিৰত সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়।
একাংশ চাকৰি প্ৰত্যাশীৰ মতে কোম্পানীটোৱে আবেদন মাচুল হিচাপে ডিমাণ্ড এণ্ড ড্ৰাফ্ট ঠিকেই সংগ্ৰহ কৰিছে যদিও সাক্ষাৎ গ্ৰহণৰ নামত ভেঁকোভাওনা কৰি এই খেলিমেলিৰ সৃষ্টি কৰিছে।