কলিয়াবৰত যোৱা ৭ জুলাই ৰ পৰা আৰম্ভ হোৱা পবিত্ৰ ৰথযাত্ৰাৰ সফল সামৰণি

যোৱা ৭ জুলাই তাৰিখে আৰম্ভ হৈছিল পবিত্ৰ ৰথ যাত্ৰা। উৰিষ্যাৰ শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰাৰ লগত সংগতি ৰাখি দেশৰ বিভিন্ন স্থানত পালন কৰা হয় এই ৰথ যাত্ৰা উৎসৱ। তাৰ সমান্তৰালভাবে কলিয়াবৰৰো ভিন্ন স্থানৰ লগতে কুলিডুঙা গাঁও টো ৰাইজ গোপিনী একত্ৰিত হৈ পালন কৰে এই পবিত্ৰ ৰথ যাত্ৰা উৎসৱ। কুলিডুঙা সাৰ্বজনীন ৰথমন্দিৰ প্ৰাঙ্গনত ভক্তপ্ৰাণ ৰাইজে উদযাপন কৰে এই ৰথ যাত্ৰা। উভতনি ৰথ যাত্ৰাৰ এই কার্যসূচীত কুলিডুঙাৰ স্থানীয় ৰাইজৰ লগত অংশগ্ৰহণ কৰে বিশিষ্ট সমাজসেৱক তথা যুৱ নেতা মণিমাধৱ মহন্ত আৰু কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে। উল্লেখ যে পুৰীৰ গুণ্ডিচা মন্দিৰত আঠ দিন থকাৰ পিছত, ভগৱান জগন্নাথ, দেৱী সুভদ্ৰা আৰু বলভদ্ৰাৰ তিনিখন পবিত্ৰ ৰথ পুৰী মন্দিৰত থকা তেওঁলোকৰ বাসস্থানলৈ উভতি আহে। ৰথৰ এই উভতনি যাত্ৰাক উল্টা ৰথ যাত্ৰা বা উল্টো ৰথ যাত্ৰা বুলিও কোৱা হয় – আৰু ইয়াক স্থানীয়ভাৱে বাহুদা বুলিও জনা যায়। কলিয়াবৰৰ পশ্চিম প্ৰান্তৰ কুলিডুঙা ত অনুষ্ঠিত এই ৰথ যাত্ৰা কাৰ্য্যসূচীত সন্ধিয়া ভাগত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয়। অৱশ্যে যেনেদৰে ৰথ খন আৰু ৰথ মন্দিৰ ভাগ সাজিব লাগিছিল অৰ্থৰ অভাৱত তেনেদৰে সাজিব পৰা নাই আৰু চৰকাৰ ক বহু বাৰ সাহাৰ্য্য বিচাৰি অনুৰোধ কৰিছে যদিয়ো আজিলৈ একো চৰকাৰী সাহাৰ্য্য লাভ কৰা নাই বুলি দুখ প্ৰকাশ কৰিছে উদ্যোক্তা সকলে।

ASSAMINDIAKOLIABOR
Comments (0)
Add Comment