জনতাৰ শিল্পী জাতিৰ কন্ঠ মহেন্দ্ৰ হাজৰিকাক “শিল্পী উদ্দীপনা বঁটা” প্ৰদান

সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন

শিল্পী উদ্দীপনা বঁটা জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকালৈ

সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট জিলা মুক্তি যুঁজাৰু ভৱনত দিনযোৰা কাৰ্য্যসূচীৰে পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয়
সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি ক্ষীৰোদ দাস সাধাৰণ সম্পাদক পৰাগ জ্যোতি দত্তই জানিবলৈ দিয়া মতে পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা অনুস্থানতটিত প্ৰায় শতাধিক প্ৰতিযোগীয়ে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে

সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠানত জনতাৰ শিল্পী, জাতিৰ কণ্ঠ মহেন্দ্ৰ হাজৰিকাক শিল্পী উদ্দীপনা বঁটা প্ৰদান কৰে সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে | উক্ত বটাত এখন গামোচা, চেলেং চাদৰ, এটা জাপি, এটি স্মাৰক,এখন সম্বৰ্ধনা পত্ৰ আৰু দহ হাজাৰ টকাৰে সন্মান জনাই |

লগতে সম্বৰ্ধনা জনাই বিশিষ্ট সমাজকৰ্মীক তথা পৰিৱেশ সংৰক্ষক বিপুল হাজৰিকা দেৱক |

উক্ত অনুস্থানটি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ছায়েদুৰ ৰহমান,কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নিপন গগৈ, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অৰূপ বৰা, যোৰহাট জিলাৰ উপদেষ্টা ৰিতুল পাঠকে প্ৰমূখ্যে যোৰহাট জিলা সমিতিৰ বিষয়ববীয়া, গোলাঘাট জিলাৰ বিষয়ববীয়ৰ লগতে কেইবাখনো জিলাৰ প্ৰতিনিধি উপস্থিত থাকে

ASSAMINDIAJORHAT
Comments (0)
Add Comment