চন্দ্ৰপুৰ অঞ্চলৰ সাংবাদিক সুকুমাৰ দাসৰ দেহবাসন

বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল সাংবাদিক গৰাকী ।

নিজ বাসগৃহতে কিছু সময় পূৰ্বে মৃত্যু বৰণ কৰে সাংবাদিক গৰাকী ।

সাংবাদিক সুকুমাৰ দাসৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত বহু লোকৰ সমাগম ঘটে ।

প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱৰ সদস্য আছিল প্ৰয়াত সাংবাদিক সুকুমাৰ দাস । তেওঁৰ মৃত্যুত প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থা তাঁতীমাৰা তিনিআলি ব্যৱসায়ী সন্থাই গভীৰ শোক প্ৰকাশ কৰে ।

মৃত্যুৰ সময়ত সাংবাদিক গৰাকীয়ে ইহ সংসাৰত পত্নী আৰু এগৰাকী ছোৱালীৰ লগতে বহু আত্মীয়ক এৰি থৈ যায় ।

ASSAMINDIA
Comments (0)
Add Comment