জাঁজীমুখৰ টীয়ক ১নংকাৱৈ মাৰি গাঁৱৰ এটি এবছৰীয়া শিশুৰ সলীল সমাধি

শুক্ৰবাৰে সলীল সমাধি ঘটিছিল জাঁজীমুখৰ টীয়ক ১ নং কাৱৈ মাৰি গাঁৱৰ এটি এবছৰীয়া শিশুৰ । ঘটনাৰ ২৪ ঘণ্টা পাৰ নহওঁতেই আজি শিশুটিৰ পিতৃ মাতৃক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৪ লাখ টকাৰ চেক প্ৰদান কৰে বিধায়ক ৰূপজ্যোতি কুর্মীয়ে

উল্লেখযোগ্য যে শুক্ৰবাৰে সেই অঞ্চলত বান সাহায্য বিতৰণ কৰিবলৈ আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা নিউজ লাইভ ৰ যোৰহাটৰ এজন সাংবাদিকে প্ৰত্যক্ষ কৰিছিল এগৰাকী মহিলাই কোলাত এটা কেঁচুৱা লৈ কান্দি কান্দি দৌৰি আহি আছিল। পৰৱৰ্তী সময়ত আৰু কেইবাজনো সাংবাদিক লগ হৈ এখন গাড়ীত শিশুটি হস্পিটেললৈ প্ৰেৰণ কৰিছিল যদিও ইতিমধ্যে শিশুতিৰ কৰুণ মৃত্যু হৈছিল।

একমাত্ৰ শিশুটি হেৰুৱাই শোকত ভাগি পৰা পৰিয়ালটোক ২৪ ,ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে আৰ্থিক অনুদান দিয়া কায্যক সকলোৱে প্ৰশংসা কৰিছে।

ASSAMINDIA
Comments (0)
Add Comment