মাকুমত অবৈধ কয়লা ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত


নিয়ন্ত্ৰণ হেৰুৱাই মাকুমত অবৈধ কয়লা ভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত

আজি পুৱতি নিশা ডিগবৈ দিশৰ পৰা মাকুম অভিমুখে আহি থকা UP75BT5253 নম্বৰৰ এখন কয়লা ভৰ্তি এল পি বাহন ৰাস্তাৰ মাজত থকা গাতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই মাকুম ডিগবৈ ৰোড ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিষ্ণু ৰাভা প্ৰেক্ষাগৃহৰ সমীপত দ খাৱৈত সোমাই পৰে ।

বাহন খনত থকা চালক আৰু হেণ্ডিমেন জন কথমপি ৰক্ষা পৰে যদিও বাহনখন সম্পূৰ্ণৰূপে দুৰ্ঘটনাগ্ৰস্ত হয়।

নিশাই দুৰ্ঘটনা স্থলীত স্থানীয় মাকুম থানাৰ আৰক্ষী উপস্থিত হৈ ড্ৰাইভাৰ হেণ্ডিমেনক থানালৈ লৈ যায় ।

বৰ্তমান দুৰ্ঘটনা গ্ৰস্ত গাড়ীখনৰ উদ্ধাৰৰ ব্যৱস্থা কৰি থকা হৈছে।

উল্লেখযোগ্য যে অবৈধ কয়লা ভৰ্তি গাড়ীৰ দৌৰাত্মই সময়ে সময়ে অসমৰ বিভিন্ন স্থানত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰি আহিছে যদিও এই ক্ষেত্ৰত অসম চৰকাৰ তথা বিয়াগোম পৰিবহন বিভাগৰ নিৰৱ দৰ্শকৰ ভূমিকাক ৰাইজে একেমুখে গৰিহনা জনাইছে।

accidentASSAMINDIAtinsukiya
Comments (0)
Add Comment