ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীয়ে হাতিমূৰাৰ মথাউৰি চিঙি পেলোৱাত প্লাবিত হৈ পৰিছে শ শ বিঘা কৃষি ভূমি

প্ৰতি মুহূৰ্তত বানাক্ৰান্তৰ কাষত কলিয়াবৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি অনিল শ‌ইকীয়া। সমগ্ৰ অসমতেই এতিয়া বানৰ তাণ্ডব। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বলিয়া বানে বহুতৰেই ঘৰ দুৱাৰ ওঠোৱাই নিয়াৰ লগতে কৃষিজীৱি চহা অসমীয়াৰ সপোনবোৰ তছনচ কৰিছে বাঢ়নি পানীয়ে। নগাওঁ জিলাৰ চামগুৰি, ৰূপহী আৰু কলিয়াবৰ সমষ্টিতো একেই অৱস্থা। চামগুৰি আৰু কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত কেইবাটাও অঞ্চলত ব্রহ্মপুত্ৰৰ বলিয়া বানত প্লাবিত হৈ পৰিছে হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি। খাদ্য সংকটত পৰিছে ঘৰচীয়া জীৱ-জন্তু।

কিন্তু চামগুৰি সমষ্টিৰ বিজেপি দলৰ প্ৰাক্তন প্ৰাৰ্থী তথা কলিয়াবৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি অনিল শ‌ইকীয়াই দিনক ৰাতি কৰি অশেষ কষ্টৰে এই ভয়ংকৰ বান পৰিস্থিতিত ৰাইজৰ কাষত থিয় হৈ ৰাইজৰ দুখ দুৰ্গতিৰ বুজ লৈছে এনেদৰে। লগতে বানাক্ৰান্ত লোক সকলক নিজাববীয়াকৈ খোৱাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আদি কৰি কীটনাশক দ্ৰব্য লৈকে বিতৰণ কৰা পৰিলক্ষিত হৈছে।

এয়া‌ কলিয়াবৰৰ হাতিমূৰা মথাউৰিৰ দৃশ্য। ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীয়ে হাতিমূৰাৰ মথাউৰি খন চিঙি পেলোৱাৰ ফলত প্লাবিত হৈ পৰিছে শ শ বিঘা কৃষি ভূমি আৰু আবাসিক অঞ্চল। এই অঞ্চল সমূহ পৰিদৰ্শন কৰি জিলা বিজেপিৰ প্ৰাক্তন সভাপতি গৰাকীয়ে মথাউৰিৰ ওপৰতে অস্থায়ীভাৱে বাস কৰা লোক সকলৰ বৃদ্ধ ৰোগীয়া সকলকো আৰ্থিক সাহায্য আগবঢ়োৱা পৰিলক্ষিত হয়।

ASSAMFLOODINDIA
Comments (0)
Add Comment