কোটোহাৰ তিনিখন গাঁওত খাদ্য সামগ্ৰী বিতৰণ

প্ৰলয়ংকাৰী বানত বিগত এপষেক ধৰি জলবন্দী হৈ আছে বুঢ়ীদিহিঙৰ বাঢ়নী পানীত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে নৈপৰীয়াই। এবুকু পৰ্যন্ত বাসগৃহ বুৰ যোৱাত মথাউৰিত আশ্ৰয় ল’বলগীয়া হৈছে ১৫০ টাকৈ পৰিয়াল।

ডিব্ৰুগড়ৰ কোটোহাস্থিত ভগামূৰ তিনিআলি, কোঁৱৰ গাঁও আৰু ব্লক গাঁৱৰ ১৫০ টাকৈ পৰিয়াল বানৰ কৱলত পৰি দুৰ্বিষসহ জীৱন কটাবলগীয়া হৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা বানাক্ৰান্তই সাহাৰ্য-সামগ্ৰী নোপোৱাত খাদ্যৰ অভাৱে দেখা দিছে। এক অনাকাংক্ষিত পৰিৱেশৰ মাজত দিন কটাবলগীয়া হৈছে নৈপৰীয়াই।

ইফালে বুঢ়ীদিহিঙৰ প্ৰলয়ংকাৰী বানে উটুৱাই নিলে ব্লক গাঁও সংযোগী মথাউৰিটো। যাৰবাবে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থাত। আনহাতে বানৰ ফলত অঞ্চলটোত বিদ্যুৎ সংযোগো কৰ্তন কৰিছে বিভাগে। আনহাতে প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰিছে অঞ্চলটোৰ কৃষিভূমি। সিঁচি থোৱা কঠীয়াডৰা বুৰ গ’ল বাঢ়নী পানীত।

অপৱৰ্তিত বান পৰিস্থিতিৰ বাবে নৈপৰীয়া কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতি। ইফালে বানাক্ৰান্ত অঞ্চলটোত মঙলবাৰে বৰবৰুৱা প্ৰেছ ক্লাৱ আৰু ডিব্ৰুগড় লায়ন্স ক্লাৱৰ দল উপস্থিত খাদ্য সামগ্ৰী বিতৰণ কৰে

ASSAMFLOODINDIA
Comments (0)
Add Comment