অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ

ধেমাজি প্ৰেছ ক্লাৱত মানৱ অধিকাৰ সংগ্ৰাম সমিতি, ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু মাছৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা নাগৰিক সভা আৰু ন-পুৰণি সতীৰ্থ সন্মিলনে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ ৰাজ্যৰ আৰু কেন্দ্রীয় চৰকাৰৰ প্ৰতি আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে।

জ্যেষ্ঠ সাংবাদিক তথা মাছৰ ধেমাজি জিলা সমিতিৰ অধ্যক্ষ উমেশ চেতিয়াৰ সভাপতিত্ব অনুষ্ঠিত হয় সভাখন। মাছ’ৰ সচিব প্ৰধান লক্ষীপ্ৰসাদ ডেকাই আঁত ধৰা সভাত বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দল সংগঠনসমূহে দাবী জনাই অহাৰ পিছতো কোনো এখন চৰকাৰে ৰাজ্যৰ মূল সমস্যাটোক গুৰুতৰ প্ৰদান নকৰাত সভাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

ইফালে মাছ’ৰ প্ৰতিস্থাপক অধ্যক্ষ তথা বৰ্তমানৰ ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই নাগৰিক সভাত অংশ গ্ৰহণ কৰি কয়, সাম্প্ৰতিক সময়ত মানৱ অধিকাৰ সংগঠনসমূহে প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়াত পৰিছে। কাৰণ বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনে সকলো ব্যৱস্থাকে সলনি কৰি পেলোৱাই নহয় সংবিধানৰ মূল গাঁথনিতে আঘাত হানিছে ।

এনে শাসন ব্যৱস্থাত মানুহৰ অধিকাৰক মূল্যহীন কৰি তোলা বুলি মন্তব্য কৰে। সাংসদ ভূঞাই ডম্বৰুধৰ বৰদলৈৰ সম্পাদনাত প্ৰকাশিত “মানৱ অধিকাৰ” নামৰ স্মৃতি গ্ৰন্থখনো উন্মোচন কৰে।

ASSAMdehmajiINDIA
Comments (0)
Add Comment