নগাঁৱৰ চাপৰমুখ ৰেলৱে ষ্টেচনৰ ৰে’লৰ ট্ৰেকত পৰি আহত বাঁহী বাদক ঘনশ্যাম কলিতা

যোৱা তিনি জুলাইত গুৰুত্বৰ ভাৱে আহত হয় পুৰণিগুদামৰ যুৱক বাঁহী বাদক ঘনশ্যাম কলিতা। সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয় ‘কস্মু’ ৰ আই,চিউত চিকিৎসাধীন হৈ আছে বহুমুখী প্ৰতিভাসম্পন্ন যুৱকজন। পুৰনিগুদাম কলংপাৰ হালোৱা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ যুৱক জনৰ ভৰি দুখনৰ অস্ত্ৰপচাৰৰ বাবে বুজন পৰিমাণৰ ধনৰ প্ৰয়োজন যদিও ভৰিখন হেৰুৱাই পেলোৱাৰ ভয়ৰ লগতে টকা পইচাৰ চিন্তাত এতিয়া পিতৃ মাতৃ চিন্তিত হৈ পৰিছে। সেয়েহে পুত্ৰৰ চিকিৎসাৰ বাবে ৰাইজৰ সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটোৱে। চিকিৎসাধীন ঘনশ্যাম কলিতা নামৰ যুৱকজন 7099179116 নম্বৰত গুগল পে’ অথবা ফোন পে’ নাইবা Bank of India ৰ নগাঁও শাখাত থকা A/C নম্বৰ 500818210002273 ,IFSC code BK ID 0005008 ত সদাশয় লোকে সহায়ৰ হাত আগবঢ়াব পাৰে।

ASSAMINDIAnagaon
Comments (0)
Add Comment