জ্যোতিনগৰত নলাট উটি যায় এটি ৮ বছৰীয়া শিশু

নিশা মূষলধাৰ বৰষুণৰ মাজতে মহানগৰীত শোকাৱহ ঘটনা। বৰষুণৰ মাজতে জ্যোতিনগৰত নলাট উটি যায় এটি ৮ বছৰীয়া শিশু। জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হয় এই ঘটনা। স্কুটীৰ পৰা নলাত পৰি উটি যায় অবিনাশ সৰকাৰ নামৰ শিশুটি। পুৱতিনিশালৈ SDRF আৰু আৰক্ষীয়ে শিশুটিক উদ্ধাৰৰ বাবে অভিযান চলা যদিও শিশুটিৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে। পিতৃৰ সৈতে স্কুটীত আহি থাকোতেই পিছলি পৰি সংঘটিত হয় এই শোকাৱহ ঘটনা।নিশা মূষলধাৰ বৰষুণত সাগৰসদৃশ পৰিৱেশৰ সৃষ্টি হয় মহানগীৰ বিভিন্ন প্ৰান্তত। জুৰোড, পাঞ্জাবাৰী, ৰাজগড়, চানমাৰি, হাতীগাঁও, ৰুক্মিনীগাঁৱকে ধৰি বিভিন্ন প্ৰান্ত জলমগ্ন হৈ পৰে। যাৰ ফলত যমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয় সেই অঞ্চলসমূহৰ বাসিন্দাসকলে।

ASSAMINDIA
Comments (0)
Add Comment