শিৱসাগৰৰ দিচাংমুখৰ নামনি গড়ডগা অঞ্চলত নাওদুৰ্ঘটনা

পুৱাই সংঘটিত হয় এক নাও দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত নাওখনত থকা এজন যুৱক এতিয়াও সন্ধানহীন হৈ আছে। সন্ধানহীন লোকজনৰ নাম প্ৰমেশ সাহানি।

আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰিছে তিনিজনকৈ লোকৰ। জানিব পৰামতে হাতীশালৰ পৰা নাও লৈ চাৰিজনীয়া দলটো শিৱসাগৰ নিতাইপুখুৰীলৈ আহি থকাৰ সময়তে এই নাও দুৰ্ঘটনা সংঘটিত হয়৷

উল্লেখ্য যে, শিৱসাগৰ জিলাত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এখনৰ পিছত এখনকৈ গাওঁ প্লাবিত হৈছে জিলাখনত। জিলাখনৰ মাজেৰে আৰু কাষেৰে বৈ যোৱা দিখৌ, দৰিকা, ব্ৰহ্মপুত্ৰ আদিৰ বাঢ়নী পানীয়ে এফালৰ পৰা প্লাবিত কৰিছে বিভিন্ন অঞ্চল। দিখৌ নদীৰ মথাউৰিৰ ওপৰেদি বাগৰিছে পানী। জিলাখনৰ আন প্ৰান্তৰ লগতে সৰাগুৰি চাপৰিত এতিয়া অবৰ্ণনীয় পৰিস্থিতি।

ASSAMINDIAsivasagor
Comments (0)
Add Comment