বিষাক্ত পাৰ্থেনিয়াঁম গছৰ ধ্বংসৰ ব্যৱস্থা নকৰিলে ভয়ংকৰ বিপদত পৰিব মানৱ জাতি আৰু প্ৰাণীকুল প্ৰতিক্ৰিয়া প্ৰকাশ পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাৰ

অসমত বৰ্তমান সময়ত ভয়ংকৰ ভাবে বৃদ্ধি পাইছে বিষাক্ত পাৰ্থেনিয়াম গছ। ইয়াক ধ্বংসৰ ব্যৱস্থা নকৰিলে মানৱ জাতিৰ লগতে প্ৰাণীকুল ভয়ঙ্কৰ বিপদত পৰিব। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই।এই গছজোপাৰ পাতবিলাক গাজৰ গছৰ পাতৰ দৰে আৰু এই গছৰ ফুলবোৰ সৰু সৰু বগা ৰঙৰ হয়। পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই কয় বৰ্তমান সময়ত অসমৰ প্ৰতিটো ৰাষ্ট্ৰীয় ঘাইপথ বা অন্যান্য পথ সমূহৰ লগতে বিভিন্ন অঞ্চলত এই বিষাক্ত পাৰ্থেনিয়াম গছ ভয়ংকৰ ভাবে বৃদ্ধি পাইছে। ই মানৱজাতিৰ লগতে জীৱকুলৰ বাবে অতি ভয়ংকৰ। এই উদ্ভিদ বিধ অসমৰ থলুৱা প্ৰজাতিৰ উদ্ভিদ নহয়।

ই ১৯৫০ চনত উত্তৰ আমেৰিকাৰ মেক্সিকৰ পৰা ঘেঁহুৰ লগত মিহলি হৈ আহিছিল। এই বিষাক্ত পাৰ্থেনিয়াম গছে মাটিৰ পৰা প্ৰচুৰ পৰিমাণে নাইট্ৰজেন সংগ্ৰহ কৰে ফলত মাটিৰ উৰ্বৰতা কমি যায়। খেতিৰ উৎপাদন কমি যায়। মানৱজাতি এই বিষাক্ত পাৰ্থেনিয়াম গছজোপাৰ সংস্পৰ্শলৈ আহিলে বা ইয়াৰ ফুলৰ ৰেণু বতাহত উৰি শ্বাস-প্ৰশ্বাসৰ মাধ্যমেৰে মানুহৰ দেহত প্ৰবেশ কৰিলে জ্বৰ, এলাৰ্জি কাঁহ, ব্ব্ৰংকাইটিছ, ছালৰ বিভিন্ন ৰোগ, বা ডাৰ্মাটাইটিছ আদি বিভিন্ন জটিল ৰোগত আক্রান্ত হব পাৰে।

ঘৰচীয়া জীৱ জন্তু বা বনৰীয়া জীৱ জন্তুৱে এই বিষাক্ত পাৰ্থেনিয়াম গছ খালে বদহজম , জ্বৰ হৈ মৃত্যু হব পাৰে। বিষাক্ত পাৰ্থেনিয়াম গছ খুব সোনকালে বংশ বৃদ্ধি হয়। ইয়াৰ প্ৰভাৱ খেতি পথাৰ আৰু সংৰক্ষিত বনাঞ্চল সমূহত পৰিলে মানৱজাতিৰ লগতে ঘৰচীয়া বনৰীয়া তৃণভোজী জীৱ জন্তুৰ খাদ্যৰ অভাৱ হব। এই বিষাক্ত পাৰ্থেনিয়াম গছ সোনকালে ধ্বংস কৰাৰ ব্যৱস্থা নকৰিলে বাকি উদ্ভিদ সমূহ যেনে ধান, মাহ , সৰিয়হ, শাক পাচলি আদিৰ উৎপাদন আৰু ঘাঁহ বন লতা আদিৰ বৃদ্ধিৰ ক্ষেত্ৰত অভাৱনীয় ভাবে প্ৰভাৱ পৰিব। তেতিয়া মানৱ জাতিৰ খাদ্য আৰু তৃণভোজী জীৱ জন্তুৰ খাদ্যৰ অভাৱ হব।

এই গছ বিধ ফুলাৰ পিছত ভুলটো কাটিব নালাগে। কাটিলে ইয়াৰ গুটি সমূহ সিঁচৰিত হৈ ইয়াৰ বংশ বৃদ্ধি মাত্ৰ অধিক হব। এই গছ বিলাক ফুলাৰ পিছত উঘালি এক বিশেষ স্থানত জ্বলাই বা নিমখ দি ধ্বংস কৰিব পাৰি। ইয়াৰ বাবে ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন হব। গতিকে এই বিষাক্ত পাৰ্থেনিয়াম গছ বিলাক সমগ্ৰ অসমত ধ্বংস কৰাৰ কাৰণে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৃষি বিভাগৰ বিশেষজ্ঞ সকলৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে আবেদন জনাইছোঁ।

ASSAMINDIA
Comments (0)
Add Comment