শদিয়াত ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত

সোমবাৰ পুৱা শদিয়াত ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হয় ৷

শদিয়াৰ পৰা তিনিচুকীয়া অভিমুখী AS-23-CC-1387 নম্বৰৰ প্ৰিয়াংশু নামৰ বাছখন চপাখোৱা গাঁৱত দূৰ্ঘটনাত পতিত হয় ৷

বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দাঁতিত থকা দ খাৱৈত বাগৰি পৰে ৷

দুৰ্ঘটনাটোত গাড়ীৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে কেইগৰাকীমান যাত্ৰী কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷

স্থানীয় ৰাইজে অভিযোগ কৰা মতে, উক্ত স্থানত পথ নিৰ্মাণত বিসংগতি থকাৰ বাবেই প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় ৷

ASSAMINDIA
Comments (0)
Add Comment