দুইৰ পৰা তিনিদিনলৈ ধাৰাষাৰ বৰষুণ উত্তৰ পূৱ ভাৰতত

হিমাচল প্রদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, চণ্ডিগড়, পূৱ ৰাজস্থান আৰু উত্তৰ প্রদেশৰ বেছি ভাগ অঞ্চলতে অহা তিনিদিনলৈ প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা পূৱ আৰু উত্তৰ পূৱ ভাৰতৰ বিহাৰ, পশ্চিমবংগ, চিকিম, অৰুণাচল প্রদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা দুইৰ পৰা তিনিদিনলৈ ধাৰাষাৰ বৰষুণ

শেহতীয়া বানত ১২খন জিলাৰ ২ লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্রস্ত বানত দেওবাৰে ২জন লোকৰ মৃত্যু হয়। ৰাজ্যখনত এইপৰ্যন্ত বানৰ কৱলত পৰি ৪৪জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত ব্রহ্মপুত্রকে ধৰি পাঁচখন নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

ইপিনে উৎকট গৰমৰ পিচত কৃত্ৰিম বানৰ সন্মুখীন হ’ল ৰাজধানী দিল্লী ৷ ঠায়ে ঠায়ে পানী জমা হোৱাৰ ফলত প্ৰাত্যাহিক জীৱনযাত্ৰা সূচাৰুৰূপে চলাই লৈ যোৱাত সমস্যাৰ সন্মুখীন হৈছে নাগৰিকসকল ৷ ৮৮ বছৰীয়া ৰেকৰ্ড ভংগ কৰি হোৱা বৰষুণৰ ফলত বানপানীৰ কবলত পৰিলে দিল্লী। প্ৰবল বৃষ্টিপাতৰ বাবে হোৱা ৰাজধানী চহৰখনত কেইবাটাও দুৰ্ঘটনাত ইতিমধ্যে ১১ জনকৈ লোকৰ মৃত্যু হৈছে।

ASSAMINDIARAIN
Comments (0)
Add Comment