দিল্লীৰ ৰাজপথত একাঁঠু পৰ্যন্ত পানী

শুকুৰবাৰে পুৱা দিল্লী-এনচিআৰত প্ৰবল বৰষুণৰ ফলত বাট-পথ প্লাৱিত হৈ পৰে। বহু ঠাইত একাঁঠু পৰ্যন্ত পানী ৰাজপথত। যাৰ ফলত পুৱাৰে পৰা দিল্লীৰ ৰাজপথত সৃষ্টি হয় ভয়ংকৰ যানজঁট। কাৰ্যালয়লৈ অহা-যোৱা কৰা লোকসকল বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। বৰষুণৰ বাবে মানুহে গৰমৰ পৰা সকাহ পাইছিল যদিও বানৰ বাবে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

মিণ্টো ৰোডস্থিত আণ্ডাৰপাছ বান প্লাৱিত হৈছে। দুয়োফালৰ পৰা গাড়ীৰ চলাচল একপ্ৰকাৰ বন্ধ হৈ পৰিছে। মিণ্টো ব্ৰীজ আণ্ডাৰপাছত বানৰ ফলত কমলা মাৰ্কেটৰ পৰা কনাট প্লেচৰ দিশলৈ যোৱা দুয়োটা পথত যাতায়াত প্ৰভাৱিত হৈছে। অক্ষৰধামৰ পৰা গাজিয়াবাদৰ দিশলৈ যোৱা দুয়োটা পথত যাতায়াত ব্যাহত হৈছে। মুৰ্গা মণ্ডী, গাজীপুৰ বৰ্ডাৰতো বানৰ বাবে যাতায়াত ব্যাহত হৈ পৰিছে।

ASSAMDelhiINDIA
Comments (0)
Add Comment