ৰাজ্যত নতুনকৈ সৃষ্টি হ’ব ৩৫ হাজাৰ শিক্ষকৰ পদ!

মুখ্যমন্ত্ৰীৰ নেতৃত্বত নলবাৰীত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক।

‘‘সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ এটা ব্যৱস্থা চলি আছিল, ৰাজ্যৰ এডভকেট জেণেৰেলে আমাক এটা অপিনিয়ম দিলে, চৰকাৰে কাৰো চাকৰি নিয়মীয়কৰণ কৰিব নোৱাৰো। তাৰ পৰিপ্ৰেক্ষিত শিক্ষক সকাহ দিবলৈ ৩৫হাজাৰ পদ সৃষ্টি কৰি সৰ্বশিক্ষা অভিযানৰ শিক্ষকৰ বাবে বিশেষ নিযুক্তি কৰিব বিচাৰিছে। এই পদত SSAত কাম কৰি কথা শিক্ষে আৱেদন কৰিব পাৰিব। সৰ্বশিক্ষা অভিযানৰ ৩৫ হাজাৰ শিক্ষক এই নিযুক্তি প্ৰক্ৰিয়াৰ জড়িয়তে আহি চাকৰিত যোগ দিয়াৰ পিছতে সৰ্বশিক্ষা অভিযানৰ পৰা ৩৫ হাজাৰ শিক্ষক পদ বিলুপ্ত হ’ব। অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫ হাজাৰ শিক্ষকে বিশেষ নিযুক্তি পৰীক্ষাত আবেদন কৰিব। আমি নিয়মীয়কৰণ কৰিব নোৱাৰা বাবে শিক্ষকৰ বাবে বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ ফলত সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকে চৰকাৰী নিযুক্তি পোৱাৰ সম্ভাৱনা প্ৰকট হ’ব।’’ কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ।

ASSAMINDIA
Comments (0)
Add Comment