বৃহস্পতিবাৰে ৰহাৰ চাপৰমুখৰ পথৰ কাষত উদ্ধাৰ এটা মৃতদেহ

চাপৰমুখ-কামপুৰ পথৰ তিতাইমাৰী দলঙৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো।

মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে AS 25 X 4948 নম্বৰৰ স্কুটী। মৃতদেহটো কৌশিক বৰুৱা (২৫) বুলি চিনাক্ত কৰা বুলি জানিব পৰা গৈছে।

যুৱকজন আমচৈত পশু চিকিৎসা বিভাগৰ ক্ষেত্ৰ সহায়ক হিচাপে কৰ্মৰত আছিল। তেঁওৰ প্ৰকৃত ঘৰ হাজোত।

জানিব পৰা মতে যুৱকজনে বুধবাৰে পুৱা কৰ্মক্ষেত্ৰলৈ ওলাই গৈছিল। দুপৰীয়া দেউতাকে ভাত খাবলৈ কেইবাবাৰো ফোন কৰিছিল যদিও কৌশিকে এঠাইত পশু চিকিৎসাৰ বাবে জনৈক পাৰ্থপ্ৰতীম নামৰ লোকজনৰ লগত যোৱা বুলি জানিব দিয়ে। তাৰ পিচতে কৌশিকৰ লগত পিতৃৰ সংযোগ নাইকিয়া হয়।

পিচত নিশালৈকে যুৱকজনক বিচাৰ-খোচাৰ কৰাৰ পিচত পুৱা ৰহস্যজনকভাৱে চাপৰমুখৰ তিতাইমাৰী দলঙৰ সমীপত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। যুৱকজনৰ পিঠিৰ অংশ তিতি থকা দেখা গৈছে। এয়া এক হত্যাকাণ্ড হ’ব পাৰে বুলি সন্দেহ কৰিছে একাংশই।

পুৱা ৰহা আৰু চাপৰমুখ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্নিফাৰ ডগৰ সহায়ত তদন্ত কৰে। ইপিনে যুৱকজনৰ পকেটত উদ্ধাৰ হৈছে ড্ৰাগছৰ দুটাকৈ খালী কণ্টেইনাৰ আৰু এটা চিৰিঞ্জ।

আৰক্ষীয়ে পিচত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। অৱশ্যে এই ঘটনা সন্দৰ্ভত মৰণোত্তৰ পৰীক্ষাৰ পিচতহে প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

ASSAMINDIAnagaon
Comments (0)
Add Comment