ৰহাৰ আমচৈত বন বিভাগৰ জ্ঞাতসাৰে কোনে চলাইছে অবৈধ শিলখনন

অভিযোগ অনুসৰি আমচৈ শিৱকুণ্ড টঙীয়া ভিলেজত অবৈধভাৱে পাহাৰৰ শিল কাটি ৰমৰমীয়া ব্যৱসায় চলাইছে একাংশ চোৰাং ব্যৱসায়ীয়ে।

বিগত বহু বছৰ বছৰ ধৰি এফালৰ পৰা অবৈধ ভাৱে চৰকাৰ তথা বনবিভাগৰ অনুমতি বিহীনভাৱে শিল খনন কৰি চলাই গৈছে চোৰাং বেহা।

এই শিলখনন আৰু বিক্ৰীৰ নাই কোনো বিভাগীয় অনুমোদন। স্থানীয় ৰাইজৰ অভিযোগ, এনেকৈ বছৰ বছৰ ধৰি প্ৰায় প্ৰতিদিনে একাংশ চোৰাং ব্যৱসায়ীয়ে পাহাৰৰ শিল খনন কৰি চলাই গৈছে চোৰাং ব্যৱসায়ী আৰু ধ্বংস কৰিছে প্ৰাকৃতিক সম্পদ।

অভিযোগ অনুসৰি এই দুষ্কাৰ্যত স্থানীয় কোনো ব্যক্তি জড়িত আছে।

অবৈধভাৱে শিল খনন স্থলী স্থাপন কৰি আমচৈ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ মুখেদি নিৰাপদে পাৰ হয় শিল কঢ়িওৱা গাড়ী। বনবিভাগ আৰু চেৰাং শিল ব্যৱসায়ীৰ গোপন মিটিৰালিৰ বাবে অবৈধ ব্যৱসায়ীয়ে শিল খনন কাৰ্য মুক্ত মনে চলাই আছে।

উল্লেখযোগ্য যে স্থানীয় ৰাইজে কেইবাবাৰো বিভাগক অভিযোগ দাখিল কৰা পাছতো বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

ASSAMINDIA
Comments (0)
Add Comment