দিচৈ পঞ্চায়তৰ ১নং ৱাৰ্ডৰ মাজত এলেংমাৰি জানৰ ওপৰত ৰাজহুৱা শ্ৰম দানেৰে নিৰ্মান কৰিলে দলঙখন

সূচল যাতায়তৰ বাবে এখন স্থায়ী দলঙৰ বাবে গাঁওবাসীয়ে দীৰ্ঘদিনৰ পৰা দাবী কৰিও মন্ত্ৰী অতুল বৰাৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰি অৱশেষত ৰাজহুৱা শ্ৰম দানেৰে নিৰ্মান কৰিলে দলঙখন।

দিচৈ পঞ্চায়তৰ ১নং ৱাৰ্ডৰ মাজত এলেংমাৰি জানৰ ওপৰত এখন স্থায়ী দলঙৰ অভাৱত ভীষণ সমস্যাত ভোগী আছে কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজ।

বাৰিষা আহিলেই ওফন্দি পৰা এলেংমাৰী জানত এখন দলঙৰ অভাৱৰ বাবেই টাজং কুটুম মধ্য ইংৰাজী বিদ্যালয়লৈ যাতায়ত কৰা ছাত্ৰ-ছাত্ৰীসকলে ভোগী আহিছিল চৰম যন্ত্ৰণা।

আনহাতে বিস্তীৰ্ণ কৃষি পথাৰলৈও এই জানটোৰ ওপৰেদিয়েই যাতায়ত কৰিবলগীয়া হোৱাৰ বাবেও এক প্ৰকাৰ যমৰ যাতনা ভোগী আহিছিল অঞ্চলটোৰ কৃষক, ৰাইজে।

এই ক্ষেত্ৰত গাম্য উন্নয়নৰ জয়গান গোৱা মন্ত্ৰী অতুল বৰাৰ ওচৰত একাধিকবাৰ দাবী জনোৱাৰ পাছতো ফল নধৰাত মঙলবাৰে জীপাল কৃষক শ্ৰমিক সংঘৰ উদ্যোগত স্থানীয় ৰাইজ আৰু সমাজ কৰ্মী অভি কুটুমৰ সহযোগত নিজৰ বাৰীৰ বাঁহেৰে নিৰ্মাণ কৰি উলিয়ালে ২০০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলঙখন।

ASSAMINDIA
Comments (0)
Add Comment