বিশ্বজুৰি পালন অলিম্পিক দিৱস

পোন প্ৰথমবাৰৰ বাবে অলিম্পিক দিৱস উদযাপন কৰা হৈছিল ১৯৪৮ চনৰ ২৩ জুনত।

সেই সময়ত পৰ্টুগাল, গ্ৰীচ, অষ্ট্ৰিয়া, কানাডা, চুইজাৰলেণ্ড গ্ৰেট ব্ৰিটেইন, উৰুগুৱে, ভেনিজুৱেলা আদি দেশে নিজাববীয়াকৈ নিজ ৰাষ্ট্ৰত এই দিৱস উদযাপন কৰিছিল। সেই সময়ৰ ইন্টাৰনেচনেল অলিম্পিক কমিটিৰ অধ্যক্ষগৰাকীয়ে সমগ্ৰ বিশ্ববাসীলৈ এই বাৰ্তা প্ৰেৰণ কৰিছিল যে এই দিৱস কেৱল খেলুৱৈসকলৰ বাবেই নহয়। বিশ্বৰ যুৱচামলৈ বাৰ্তা প্ৰেৰণ কৰি তেওঁ সকলোকে ক্ৰীড়াক জীৱনৰ এক অংশ হিচাবে আঁকোৱালি ল’বলৈ আহ্বান জনাইছিল।

আধুনিক অলিম্পিক গেমছৰ সৃষ্টি খ্ৰীষ্টপূৰ্ব ৮ম শতিকাৰ পৰা খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ ভিতৰত গ্ৰীচৰ অলিম্পিয়াত অনুষ্ঠিত প্ৰাচীন অলিম্পিক গেমছৰ দ্বাৰা অনুপ্ৰাণিত। বেৰন পিয়েৰ ডি কুবেৰ্টিনে ১৮৯৪ চনত আন্তৰ্জাতিক অলিম্পিক সমিতি (আইঅচি) প্ৰতিষ্ঠা কৰিছিল আৰু অলিম্পিক গেমছৰ ভেটি স্থাপন কৰিছিল।

১৯৪৭ চনত চেকোস্লোভাকিয়াৰ আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সদস্য ড০ জোচেফ গ্ৰোছ ষ্টকহোমত আন্তৰ্জাতিক অলিম্পিক সমিতিৰ ৪১ তম অধিৱেশনত এক প্ৰতিবেদন দাখিল কৰে আৰু অলিম্পিক দিৱস উদযাপনৰ বাবে এটা দিন পালন কৰাৰ প্ৰস্তাৱ দিয়ে।

ASSAMINDIA
Comments (0)
Add Comment