বকোৰ লামপাৰাত নিশা সংঘটিত চাঞ্চল্যকৰ ঘটনা।

পলায়নৰ সময়তে দুৰ্ধৰ্ষ ডকাইতলৈ আৰক্ষী গুলীচালনা।

ভৰিত গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইতটো কেনাৰাম বসুমতাৰী ওৰফে মোটো।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা সময়ত আৰক্ষীৰ গুলীত আহত হয় ডকাইতটো।

গুলীবিদ্ধ কেনাৰাম বসুমতাৰীক GMCHত ভৰ্তি কৰোৱা হয়।

উল্লেখযোগ্য যে শুকুবাৰে নিশা কামৰূপ আৰক্ষীয়ে ATM চোৰৰ চক্ৰ এটা গ্ৰেপ্তাৰ কৰিছিল ।

এই ATM চুৰিত অভিযুক্ত কেনাৰামক লৈ আৰক্ষীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল।

তেনে সময়তে পলায়নৰ চেষ্টা কৰিছিল দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী।

জানিব পৰামতে দুৰ্ধৰ্ষ কেনাৰামৰ অসম আৰু মেঘালয়ত বিভিন্ন অপৰাধ কাৰ্যৰ সৈতেও জড়িত আছিল।

ASSAMINDIA
Comments (0)
Add Comment