কলিয়াবৰ বাগৰিত সংঘটিত পথ দুৰ্ঘটনা মৃত্যু বুবুল গগৈ

কলিয়াবৰৰ বাগৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনা ৰ ফলত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় বন কৰ্মী বুবুল গগৈ। অবশ্যই চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় লোক জনৰ। এখন তীব্ৰ বেগী বাইকে বিপৰীত দিশৰ পৰা অহা বুবুল গগৈৰ স্কুটিত প্ৰচণ্ড জোৰে খুন্দা মাৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাতো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী বুবুল গগৈ বাগৰী বনাঞ্চলৰ বিভাগীয় হাতী মাউতৰ দায়িত্বত আছিল। গুৰুতৰ ভাবে আহত বনকৰ্মী জনক চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছিল যদিয়ো আধাবাটতে মৃত্যু হয় বনকৰ্মী জনৰ।

accidentASSAMINDIAKOLIABOR
Comments (0)
Add Comment