তামিলনাডুত অবৈধ সুৰা সেৱন কৰি ৩৪জন লোকৰ মৃত্যু

তামিলনাডুত অবৈধ সুৰা সেৱন কৰি ৰাজ্যখনৰ ৩৪জন লোকে অকাল মৃত্যুক আঁকোৱালি লোৱাৰ লগতে ভালেসংখ্যক লোক হাস্পতালত ভৰ্তি হৈ আছে।

তামিলনাডুৰ কাল্লাকুৰিচিত সংঘটিত হৈছে এই ঘটনাটো । মঙলবাৰে নিশা কাল্লাকুৰিচিত অবৈধভাৱে প্ৰস্তুত কৰা সুৰা সেৱন কৰাৰ ফলতেই এই ঘটনা সংঘটিত

সম্প্ৰতি ৩৪ গৰাকী লোক নিহত হোৱাৰ উপৰি প্ৰায় ৪৪গৰাকী লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে ২০জনৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

সুৰা সেৱন কৰা অধিকাংশৰে প্ৰথমাৱস্থা শৌচ,বমি, মূৰৰ কামোৰণি আদি নানা সমস্যাই দেখা দিছিল। ইয়াৰ পাছতে ভুক্তভোগীসকলক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

ইফালে সংকটজনক অৱস্থাত থকা লোক কেইজনক উন্নত চিকিৎসাৰ বাবে পুডুচেৰীৰ জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে আৰক্ষী ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত অৱ্যাহত ৰখাৰ কথা জানিব পৰা গৈছে।

deathINDIATAMILNADUWINE
Comments (0)
Add Comment