নৱ নিৰ্বাচিত সাংসদ জয়ন্ত বসমুতাৰীক সম্বৰ্ধনা পৰ্বতঝোৰাৰ কাজিগাওঁত

পৰ্বতঝোৰাৰ কাজিগাওঁত কোকৰাঝাৰ লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ জয়ন্ত বসমুতাৰীক বিপুল সম্বৰ্ধনা।

সাংসদ নিৰ্বাচিত হোৱাৰ পিছত পোন প্ৰথমবাৰৰ বাবে জয়ন্ত বসুমতাৰীয়ে কাজিগাঁওত উপস্থিত হোৱাত NDA মিত্ৰজোঁটৰ UPPL ,BJP আৰু AGP য়ে বিপুল সম্বৰ্ধনা জনায়।

পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ উদ্যোগত কাজিগাঁও সমূহীয়া প্ৰেক্ষাগৃহত সাংসদ গৰাকীক সম্বৰ্ধনা জনায়।

সাংসদ গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে পৰ্বতঝোৰাবাসীয়ে নিৰ্বাচনত ব্যাপক সঁহাৰি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলোৱে মিলি BTRত উন্নয়ণ আৰু শান্তিৰ হকে কাম কৰাৰ বাবে আহ্বান জনায়।

এই সম্বৰ্ধনা সভাখনত নৱ নিৰ্বাচিত সাংসদ গৰাকীৰ লগতে প্ৰাক্তন বিধায়ক তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDA মিত্ৰজোঁটৰ কেন্দ্ৰীয় নিৰ্বাচনী প্ৰচাৰ সমিতিৰ সভাপতি হেমেন কুমাৰ ব্ৰহ্ম, UPPL দলৰ পৰ্বতঝোৰা জিলা সমিতিৰ সভাপতি প্ৰসেন কুমাৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক ছেলিম আহমেদ খান,BJP দলৰ সভাপতিৰ লগতে ভালে সংখ্যক নেতা কৰ্মী উপস্থিত থাকে।

ASSAMINIAPOLITICAL
Comments (0)
Add Comment